Tuesday, April 7, 2020

কবিতা :: হিয়াৰ আৰ্তনাদ

কোনেনো শুনিব মোৰ
হিয়াৰ বিননি
সকলোৱে কন্দুৱা গেছ লৈয়ে ব্যস্ত ।
চাই থাকোতেই নিঃশেষ কৰে
কেতিয়াও ভাবিব নোৱাৰা আপোনজনে,
অভেদ্য মোৰ হৃদয়ক
ভেদ কৰেহি উন্মত্ত গৰ্জনেৰে ।
কিয় ?..কিয় বাৰু এনেকুৱা
বাৰে বাৰে মোৰ স’তে ?
তোমাৰ সুশোভিত বাণৰ কম্পনেও
বিদাৰিত কৰে মোৰ হৃদয় কোঠা,
অচল কৰি দিয়ে
নিঃস্ব মোৰ অচিন দেহাটো
বিশ্বাস নামৰ শব্দটোও
যেন আজি সংজ্ঞাহীন
কেৱল তোমাৰ বাবে ।
এন্ধাৰ ৰাতিৰ জোনাকীৰ লগত
তজবজীয়া কম্পিত সুৰত
কিয়নো বাৰে বাৰে বাজে
উপায়হীন মোৰ হিয়াৰ আৰ্তনাদ !!!

কবিতা :: উত্তৰৰ অপেক্ষাত

এটি উত্তৰৰ অপেক্ষাত
ৰৈ আছো মই,
নাহৰৰ নিৰিবিলি ছাঁত
বিচাৰিছো তোমাৰ বতৰা
কলেজৰ প্ৰতিটো দুৱাৰ দলিত,
জোনাকী পৰুৱা জাকৰ মাজত
মাথো এটি উত্তৰৰ অপেক্ষাত,
আৰু ফুৰিলো তোমাক পাবলৈ
কলেজ গেট কিংবা আঁহতৰ তল ।
হেৰা অ' সোণজনী
আছানো লুকাই ক'ত ?
ওলাই আহি লগ দিয়া
এপাহি সুগন্ধি গোলাপ পুষ্প হৈ ।
ভাগৰি পৰিছো মই
মৰীচিকা যেন বিচাৰি তোমাক,
এতিয়াও ৰৈ আছো মই
এটি উত্তৰৰ অপেক্ষাত..... ।

কবিতা :: মমতা

আই! সাৰ পাইয়েই দেখিছিলো
হাঁহি-মমতা ভৰা
তোমাৰ সুশ্ৰী মুখনি
দিগন্ত ভেদি উদিত ৰবি ।
সৌ সিদিনাৰে কথা
আছেনে মনত তোমাৰ ?
তোমাৰ হাতে হাতে
হাত ধৰি ফুৰিছিলো
বকুলৰ তল,
শৈশৱৰ প্ৰতিটো প’ল ।
তোমাৰ অবিৰত শ্ৰম,
অক্লান্ত মৰমত
ধন্য মোৰ এই জীৱন
আজি অলপ সাহসকনো নাই
অ' আই
তোমাৰ সন্মুখত আহিবলে,
কি দৰে নো পূৰাও
তোমাৰ অনাবিল মৰমৰ মান ।
আই, মোৰ জীৱনৰ আভৰণ
তুমিয়ে মোৰ স্বৰ্গ, মোৰ সত্য
তুমিয়ে কালজয়ী সৃষ্টি, জগতৰ শান্তি••••••।

Please SUBSCRIBE me on YouTube

PG Admission at Rabindranath Tagore University 2023 • Master Degree Admission @ RT University, Hojai